কামৰূপ জিলাৰ মাজেৰে বৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত গুৱাহাটী চহৰ ভাৰতৰ দ্ৰুত গতিত বিকশিত কেইখনমান প্ৰধান চহৰৰ ভিতৰত অন্যতম এখন চহৰ| এই ঠাই ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ দুৱাৰদলি ৰূপেৰেও জনাজাত আৰু ই সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক, ঔদ্যোগিক আৰু বাণিজ্যিক কাৰ্যৰ প্ৰাণকেন্দ্ৰ।

স্থানীয় আৰু বিদেশী পৰ্যটকৰ বাবে গুৱাহাটীত যথেষ্ট ভ্ৰমণকেন্দ্রীক স্থান তথা সুবিধা উপলব্ধ| গুৱাহাটীৰ পৰা ভাৰতৰ যিকোনো ঠাইলৈ যাবৰ বাবে এজন লোকে উন্নত মানদণ্ডৰ বিমান, ৰেলপথ বা স্থলপথ যাতায়তৰ সেৱা লাভ কৰিব পাৰে|

আকাশীমাৰ্গেৰে

ভাৰতৰ বাণিজ্যিক চহৰ গুৱাহাটী দেশৰ আন চহৰবোৰৰ সৈতে অতি সুচল ভাৱে আকাশীমাৰ্গ আৰু স্থলমাৰ্গেৰে সংযোজিত | ইয়াত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্ৰাষ্টীয় বিমানবন্দৰ চহৰৰ পৰা ২০ কি.মি. দূৰত্বত বৰঝাৰত অৱস্থিত| গুৱাহাটীৰ পৰা শ্বিলং, টুৰা, নাহৰলগুণ, টাৱাং আদি ঠাইলৈ হেলিকপ্তাৰ সেৱা উপলব্ধ | এই চহৰ ভাৰতৰ আন ঠাইবোৰৰ সৈতে বিভিন্ন বিমান সেৱাৰ দ্বাৰা সংযুক্ত |

এয়াৰ ইণ্ডিয়াই গুৱাহাটী আৰু বেংককৰ মাজত সপ্তাহত এদিন পোনপটীয়া বিমান সেৱা পৰিচালনা কৰে |ইণ্ডিয়ান এয়াৰলাইনছ, চাহাৰা, জেট, কিংফিছাৰ, ইণ্ডিগ' আদিয়ে গুৱাহাটীলৈ নিয়মীয়া বিমান সেৱা পৰিচালনা কৰে। অসমৰ অন্যান্য চহৰসমূহ যেনে যোৰহাট, লখিমপুৰ, তেজপুৰ, ডিব্ৰুগড় আদিলৈ গুৱাহাটীৰ পৰা নিয়মীয়া বিমান সেৱাৰ সুবিধা আছে | অসম ঘৰুৱা/আন্তৰ্ৰাষ্টীয় বিমানবন্দৰলৈ বিমান অহা/যোৱা কৰে|

ভাৰতীয় ৰে’ল সেৱাৰ উত্তৰ-পূব ৰেলৱে মণ্ডলৰ দ্বাৰা গুৱাহাটীৰ পৰা ভাৰতৰ আন ঠাইলৈ ৰে’ল সেৱা প্ৰদান কৰা হৈছে| গুৱাহাটী জংচন হৈছে এই মণ্ডলৰ মূখ্য কাৰ্যালয়|

বাছেৰে

গুৱাহাটীৰ উপকন্ঠ অঞ্চলত থকা আন্ত:ৰাজ্যিক বাছ টাৰ্মিনাছ (ISBT ) ৰ দ্বাৰা উত্তৰ-পূবৰ অন্যান্য ঠাইসমূহলৈ নিয়মীয়া বাছ সেৱাৰ লগতে আন প্ৰধান চহৰসমূহ আৰু চুবুৰীয়া ৰাজ্যৰ পৰ্যটকৰ আকৰ্ষণীয় ঠাইলৈও বাছ পোৱা যায়| ভাৰতৰ আন ঠাইসমূহৰ সৈতে গুৱাহাটীৰ পৰা স্থলপথেৰে সুন্দৰ সেৱা পোৱা যায় | ৰাষ্ট্ৰীয় ঘাইপথ ৩১ আৰু ৩৭ৰে গুৱাহাটী আন ৰাজ্যসমূহৰ সৈতে সংযুক্ত | গুৱাহাটী আন ৰাজ্যসমূহৰ সৈতে অসম ৰাজ্যিক পৰিবহণ নিগম (ASTC) বাছ সেৱাৰ জৰিয়তে সংযোজিত আৰু লগতে অন্যান্য বহুতো বেচৰকাৰী পৰিবহণ ব্যৱস্থাও উপলব্ধ |

Menu Type