অসম ৰাজ্যখনক ৩১ খন প্ৰশাসনিক জিলাত ভাগ কৰা হৈছে| এই জিলাসমূহৰ সীমাসমূহ বিভিন্ন উপাদান যেনে নদ-নদী, পাহাৰ, অৰণ্য আদিৰ ভিত্তিত নিৰ্ধাৰণ কৰা হৈছে | নতুনকৈ গঠিত জিলাসমূহৰ অধিকাংশই পূৰ্বৰ জিলাৰ মহকুমা আছিল| ১৫ আগষ্ট, ২০১৫ত, পূৰ্বৰ ২৭ খন জিলাৰ উপৰিও আৰু ৩ খন নতুন জিলাৰ গঠন কৰা হয় আৰু সেইবোৰ হৈছে -  চৰাইদেউ, দক্ষিণ শালমৰা আৰু পশ্চিম কাৰ্বি আংলং | ২০১৬ চনৰ ২৭ জুন তাৰিখে মাজুলীকো জিলা ৰূপে ঘোষণা কৰা হয় | ১০,৪৩৪ বৰ্গ কিলোমিটাৰ অবিভাজিত ক্ষেত্ৰফলেৰে কাৰ্বি আংলং অসমৰ সবাতোকৈ বৃহৎ জিলা আৰু প্ৰায় ৫৩২৪ বৰ্গ কিলোমিটাৰ ক্ষেত্ৰফলেৰে দ্বিতিয় স্থানত আছে শোণিতপুৰ জিলা| যোৰহাট জিলাৰ উত্তৰ অংশৰ পৰা ভাগ কৰি গঠন কৰা মাজুলী হৈছে জিলা হিচাপে পৰিচিতি লাভ কৰা ভাৰতৰ প্ৰথমটো নদী দ্বীপ | অসমৰ জিলাসমূহক পাঁচটা আঞ্চলিক বিভাগৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে |

এই বিভাগসমূহৰ তালিকা তলত উল্লেখ কৰা হ'লঃ

মণ্ডলৰ নাম মাণ্ডলিক কার্যালয় জিলা
বৰাক উপত্যকা শিলচৰ কাছাৰ, হাইলাকান্দি ,আৰু কৰিমগঞ্জj
মধ্য অসম নগাঁও ডিমা হাছাও, পূব কাৰ্বি আংলং, পূব কাৰ্বি আংলং, মৰিগাওঁ, আৰু নগাঁও
নামনি অসম গুৱাহাটী বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবৰীi, গোৱালপাৰা, নলবাৰী, কামৰূপ মহানগৰ, কামৰূপ গ্রাম্য, কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰা-মানকাছাৰ
উত্তৰ অসম তেজপুৰ দৰং,  শোণিতপুৰ, আৰু ওদালগুৰি
উজনি অসম যোৰহাট চৰাইদেউ, ধেমাজী, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিবসাগৰ, আৰু  তিনিচুকীয়া

 

প্ৰত্যেক জিলা একো একোজন উপায়ুক্তৰ অধীনত থাকে| সাধাৰণতে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ সৈতে জড়িত বিষয়াক উপায়ুক্ত নিযুক্ত কৰা হয়, কিন্তু কেতিয়াবা অসম প্ৰশাসনীয় সেৱাৰ সৈতে জড়িত বিষয়াকো এই বাব দিয়া হয়| অসম প্ৰশাসনীয় সেৱাৰ বিভিন্ন দপ্তৰৰ বিভিন্ন বিষয়াই উপায়ুক্তক চৰকাৰী কাম-কাজত সহযোগিতা আগবঢ়াই যেনে, অতিৰিক্ত উপায়ুক্ত, উপ-বিভাগীয় বিষয়া, অতিৰিক্ত সহকাৰী উপায়ুক্ত আৰু অন্যান্য|

এজন উপায়ুক্তই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সংগ্ৰাহক হিচাপেও কৰ্মৰত হয়, আইন-শৃঙ্খলা বজাই ৰখা আৰু সাধাৰণ প্ৰশাসনৰ ক্ষেত্ৰত জিলা বিচাৰপতি ৰূপে অধিস্থিত হয় আৰু নিৰ্বাচন পৰিচালনা কৰাৰ সময়ত জিলা নিৰ্বাচনী বিষয়া ৰূপে কৰ্মৰত হয় ইত্যাদি |  

ৰাজহ সংগ্ৰাহকৰ কাম হ'ল ভূমি ৰাজহ সংগ্ৰহ কৰা আৰু ভূমি ৰাজহৰ পঞ্জীয়ন নিৰ্ধাৰণ কৰা, ভূমিৰ ক্ষেত্ৰত কৰিবলগীয়া পৰিবৰ্তন আৰু সর্বাঙ্গীণ পৰিচালনা, বেচৰকাৰী আৰু চৰকাৰী | উপায়ুক্তৰ কাৰ্যালয়ৰ ৰাজহ শাখাৰ বাহিৰেও, অতিৰিক্ত উপায়ুক্ত(ৰাজহ)ৰ দ্বাৰা চোৱা-চিতা কৰা হয়। প্ৰতিখন জিলাত চক্ৰ বিষয়াৰ দ্বাৰা পৰিচালিত ১১টা দূৰবৰ্তী ৰাজহ চক্ৰ আছে|  

জিলা প্ৰশাসনৰ মূখ্য বিষয়া হিচাপে, জিলা উপায়ুক্ত বিভিন্ন কাৰ্যৱলী যেনে সাংসদৰ স্থানীয় এলেকাৰ পুজি, বিধায়কৰ পুজি, অ সংঘবদ্ধ পুজি, মহকুমাৰ আঁচনিৰ পুজি, সীমা এলেকাৰ উন্নয়ন পুজি ইত্যাদিৰ অধীনত সকলোধৰণৰ উন্নয়নমূলক কাম-কাজৰ বাবে দায়বদ্ধ|

জিলা উপায়ুক্তক অতিৰিক্ত বিচাৰপতি, মহকুমা বিচাৰপতি আৰু কার্যনির্বাহী বিচাৰপতি আদিয়ে জিলাসমূহত আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াই | চক্ৰসমূহৰ চক্ৰ বিষয়াসকলে কার্যনির্বাহী বিচাৰপতিৰ কৰ্তব্য পালন কৰে আৰু তেওঁলোক নিজৰ নিজৰ চক্ৰসমূহত আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত দায়বদ্ধ| জিলা বিচাৰপতি আৰু অন্যান্য বিচাৰপতিসকলে পুলিচ বিভাগৰ পৰা প্ৰয়োজনীয় সময়ত যাৱতীয় সহায় গ্ৰহণ কৰে| জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰা নিয়ন্ত্রিত হয়| 

তলৰ তালিকাখনত অসমৰ ৩১ খন জিলাৰ নাম ৱেবছাইটসহ দিয়া হৈছে::

ক্রমিক সংখ্যা. জিলাৰ নাম
বাক্সা
বৰপেটা
বঙাইগাওঁ
কাছাৰ
চৰাইদেউ
চিৰাং
দৰং
ধেমাজী
ধুবৰী
১০ ডিব্রুগড়
১১ ডিমা-হাছাও
১২ গোৱালপাৰা
১৩ গোলাঘাট
১৪ হাইলাকান্দি
১৫ যোৰহাট
১৬ কামৰূপ মহানগৰ
১৭ কামৰূপ
১৮ কাৰ্বি আংলং
১৯ কৰিমগঞ্জ
২০ কোকৰাঝাৰ
২১ লখিমপুৰ
২২ মাজুলী
২৩ মৰিগাঁও
২৪ নগাঁও
২৫ নলবাৰী
২৬ শিবসাগৰ
২৭ শোণিতপুৰ
২৮ দক্ষিণ শালমৰা- মানকাছাৰ
২৯ তিনিচুকীয়া
৩০ ওদালগুৰি
৩১ পশ্চিম কাৰ্বি আংলং
Menu Type