অসম উত্তৰ পূৱ অঞ্চলৰ আটাইতকৈ ডাঙৰ অৰ্থনীতি। ভাৰতৰ অন্য ঠাইৰ লগত তুলনামূলকভাৱে অলপ ওচৰত হোৱা বাবে, গুণগত মানদণ্ডৰ আন্তঃগাঁথনিৰ উপলব্ধতা, আদিয়ে উদ্যোগৰ বাবে এটা অনুকূল পৰিবেশ আগবঢ়ায়।

অসমে পৃথিৱীৰ আটাইতকৈ বেছি চাহ উৎপাদন কৰা ঠাই বুলি গৌৰৱ কৰে, যি গোলকীয় চাহ উৎপাদনৰ সাত ভাগৰ এভাগ উৎপাদন কৰে। ৰাজ্যখনে ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ ৫০% তকৈও ধিক অৰিহণা যোগায়।২০১৮ চনৰ এপ্ৰিল-চেপ্তেম্বৰ মাহৰ ভিতৰত ৰাজ্যখনৰ চাহ উৎপাদন ৪৬৭.৬৮ হাজাৰ টন হৈছিল। ইয়াৰ ২০ খন ইণ্ডা্ষ্ট্ৰিয়েল এষ্টেটচ, তিনিখন ইণ্ডাষ্ট্ৰিয়েল গ্ৰউথ চেন্টাৰচ,১১ টা ইন্টিগ্ৰেটেড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ডিপʼটচ, ১৭ টা ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰচ, ১২টা গ্ৰউথ চেন্টাৰচ, ৮টা মিনি ইণ্ডাষ্ট্ৰিয়েল এষ্টেটচ, এখন এক্সপো প্ৰমʼচন পাৰ্ক আৰু এখন ফুড প্ৰচেচিং ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আছে। উত্তৰ পূৱ ভাৰতৰ ভিতৰত অসম আটাইতকৈ বেছি জনপিয় পৰ্য্যটক গন্তব্যস্থল।

আন্তঃগাঠনিৰ কাম সহজসাধ্য কৰা হেতুকে, ৰাজ্যৰ উদ্যোগ আৰু ব্যৱসায় বিভাগে তিনিটা প্ৰজেক্ট- চাৰিদুৱাৰ, মটিয়া আৰু ছ্য়গাওঁ-পাতগাওঁ ইণ্ডাষ্ট্ৰিয়েল গ্ৰউথ চেন্টাৰ হিচাপে পৃষ্টপোষকতা কৰিছে।

অসম চৰকাৰে ১১ টা ইন্টিগ্ৰেটেড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট চেন্টাৰচ সমগ্ৰ ৰজ্যজুৰি অনুমতি দিছে। অসম চৰকাৰে অসমক বিনিয়োগৰ লক্ষ্যস্থান হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগভাগ লোৱা কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ হʼল:

  • ২০১৮ চনৰ ডিচেম্বৰ মাহত, ভাৰতৰ আটাইতকৈ ডা্ঙৰ ৰেইল কাম ৰʼড ব্ৰিজ, বগীবিল সম্পূৰ্ণ হোৱাৰ পথত। এই দলংখনে অসমৰ পূৱ অঞ্চল আৰু অৰুনাচলৰ সংযোগ উন্নতি কৰিব। 
  • ৰাজ্যখনে নৰ্থ ইষ্ট ইণ্ডা্ষ্ট্ৰিয়েল ইনভেষ্টমেন্ট প্ৰমʼচন পলিচি আৰু ইণ্ডাষ্ট্ৰিয়েল পলিচি অফ আসাম পোষন কৰিছে যাৰ দ্বাৰা বিনিয়োগকাৰী সকলক বিত্তীয় উদগনি আৰু কেইবছৰৰ বাবে ৰেহাই আগবঢ়োৱা হʼয়।
  • ৰাজ্যখনত ৱাইল্ডলাইফ টুৰিজিমৰ(বনৰ লগত জড়িত পৰ্য্যটন) যথেষ্ট সম্ভাৱনা থকা হেতুকে, কেন্দ্ৰ চৰকাৰে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা বৰঙনি “ইন্টিগ্ৰেটেড ডেভেলপমেন্ট অফ ৱাইল্ড হেবিটেট” স্কীমৰ যোগেদি ৰাজ্যখনত US$ ৪২৮ হাজাৰলৈ বঢ়াই দিছে ২০১৭-২০১৮ বৰ্ষত।
  • শোণিতপুৰ জিলাৰ বালিপাৰা আৰু গোৱালপাৰা জিলাৰ মটিয়াত ক্ৰমে আনুমানিক US$ ৪.৫ মিলিয়ন আৰু US$ ৫.৩ মিলি্য়ন ব্যয়েৰে প্ৰয়্জনীয় আন্তঃগাঠনিৰে ইণ্ডাষ্ট্ৰিয়েল গ্ৰউথ চেন্টাৰচ প্ৰতিষ্ঠাপন কৰিছে।
  • পৰ্বতপূৰ, চেফানগুৰি, দলগাওঁ, ডিমৌ, ভোমোৰাগুৰি, মালিনীবিল,ডহোদি, চিলাপথাৰ, ৰঙিয়া, বান্দৰ্দোৱা আৰু তিতাবৰত ইন্টিগ্ৰেটেত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট(আই আই ডি) চেন্টাৰচ পৰিকল্পনা কৰা হৈছে।
  • ২০১৮ চনৰ জানুৱাৰী মাহত “চাহ বাগিছা ধন পূৰস্কাৰ মেলা” স্কীমখন আৰম্ভ কৰা হৈছিল যাৰ দ্বাৰা বেংক একাউন্ট থকা প্ৰতিজন চাহ বাগিছাৰ কৰ্মীক ২৫০০ টকা ট্ৰেন্সফাৰ কৰা হʼব। ২০১৮-১৯ চনৰ বাজেটৰ মতে,সমগ্ৰ অসমত বিয়্পি থকা ২৬ খন জিলাৰ ৭৫২ খন চাহ বাগিছাৰ চাহ বাগানৰ কৰ্মীৰ ৭২১,৪৮৫ বেংক একাউন্টত এই পৰিমানৰ ধন ইতিমধ্যে ট্ৰেন্সফাৰ কৰা হৈছে।
  • বৰ্ডাৰ ট্ৰেড চেন্টাৰচ (বি টি চি চ) প্ৰতিস্থাপন কৰা হৈছে মানকাছাৰ(ধুবুৰী)সুতাৰকুণ্ডী(কৰিমগঞ্জ)আৰু দৰংত(কামৰূপ)

ঔদ্যোগিক আৰু বাণিজ্যিক পৰিগাঁঠনি:

ঔদ্যোগিক আৰু বাণিজ্যিক আন্ত:গাঁথনিৰ বিষয়ে অধিক জানিবলৈ ওপৰোক্ত লিংকসমূহত ক্লিক কৰক.