এক্ট এষ্ট পলিচি নিৰ্দিষ্ট সময়ত নিশ্চিতৰূপে কাৰ্য্যকৰী বা ৰূপায়ণ কৰিবলৈ অসম চৰকাৰে এই বিভাগৰ আৰম্ভণি কৰিছে । এক্ট ইষ্ট পলিচি বিভাগে ৰাজ্যখনত বিনিয়োগ আৰু দ্ৰুত উদ্যোগীকৰণৰ পৰিবেশ সহজসাধ্য কৰি তুলিব। 

উত্তৰ-পূৱ অঞ্চলৰ ভৌগোলিক অৱস্থান আটাইতকৈ অনুকুল অৱস্থানত আছে ফলস্বৰূপে ভাৰতৰ লুক ইষ্ট পলিচি যাক ভাৰতৰ সপোন বুলিও কোৱা হয় তাক কাৰ্য্যকৰী কৰিবলৈ কেন্দ্ৰীভূত কৰিব পাৰি। সমগ্ৰ উত্তৰ-পূৱ অঞ্চল হৈছে দক্ষিন পূৱ এছিয়াৰ প্ৰৱেশ পথ। গতিকে,ওচৰ চুবুৰীয়া দক্ষিন পূৱ এছিয়াৰ অন্তৰ্গত দেশসমূহ বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, মালেচিয়া, ভিয়েটনাম, ভূটান আৰু চীনৰ লগত সংযোগ কৰিবলৈ উত্তৰ পূৱ অঞ্চলৰ যোগাযোগৰ আন্তঃগাঁঠনিৰ উন্নতি অতি গুৰুত্বপূৰ্ণ।

উত্তৰ পূৱ অঞ্চলক দক্ষিন পূৱ এছিয়া ওচৰ চুবুৰীয়া দেশসমূহৰ লগত সংযোগ কৰিবলৈ বৃহত্তৰ আন্তঃগাঠনিৰ আগভাগ লাগিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে অলপতে উত্তৰ-পূৱ অঞ্চলত কেইবাটাও গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। এই প্ৰকল্প কেইটা শীঘ্ৰে সম্পূ্ৰ্ণ হʼলে লুক ইষ্ট পলিচি ৰূপায়ণত যথেষ্ট সহায় হ'ব।

ৰাজ্যখনত আৰম্ভ কৰা/আগভাগ লোৱা কেতবোৰ গুৰুত্বপূৰ্ণ ঘাইপথ নাম তলত উল্লেখ কৰা হʼল:

১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন(ষ্টিলৱেল ৰোড):

ষ্টিলৱেল ৰোড পুনৰায় মুকলি কৰি উত্তৰ-পূৱক কোনমিং, চীনৰ ইউনান প্ৰদেশৰ ৰাজধানী ৰ লগত ম্যানমাৰৰ মাজেদি যোগাযোগ কৰিলে এই অঞ্চলৰ পৰা দক্ষিন পূৱ এছিয়া দেশসমূহলৈ অৰ্থব্যৱস্থা আৰু বানিজ্যিক গতিবিধিৰ যথেষ্ট উন্নতি হʼব। উত্তৰ পূৱ অঞ্চলত এন এইচ ১৫৩ ত এই বিখ্যাত ষ্টিলৱেল ৰোডৰ এটা অংশ (লেখাপানীৰ পৰা জয়ৰামপুৰলৈ-২৩ কি.মি.) আৰু এই বাটচোৱাৰ ২টা লেন থকা(১০ মিটাৰ কেৰেইজৱে) পথ নিৰ্মাণ এছ এ আৰ ডি পি এন ই ৰ দ্বাৰা ইতিমধ্যে সম্পূৰ্ণ হৈছে। ভাৰত চৰকাৰে এই পথটো উত্তৰপূৱ অঞ্চলৰ পৰা চীনলৈ, ম্যানমাৰৰ প্ৰয়োজনীয় সহযোগিতাত, উন্নীতকৰণ আৰু কাৰ্য্যকৰী কৰিবলৈ ভাবিব পাৰে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথক পুনঃ একেলগ কৰা কাম ইতিমধ্যে কাৰ্য্যকৰী কৰা হৈছে যাৰদ্বাৰা ডিব্ৰুগড় আৰু লেখাপানীৰ মাজত উপযুক্ত বাট সংযোগ হয়। তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁঠনি উন্নয়ন নিগম লিমিটেডে ডিব্ৰুগড়ৰ পৰা নুমলিগড়লৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক ৪লেন কৰি তোলাৰ(ফʼৰ লেনৰ)কাম হাতত লৈছে।

এছিয়ান ঘাইপথসমূহৰ বিকাশ :

দক্ষিন পূৱ এছিয়াৰ দেশসমূহলৈ পথৰ যোগাযোগ এছিয়ান ঘাইপথসমূহৰ নেটৱৰ্কৰ যোগেদি অসমত বৰ্তমান উপলব্ধ। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমাপুৰ-কহিমা- ইম্ফলৰ মাজেৰে ম্যানমাৰৰ মʼৰেহ চহৰলৈ প্ৰৱেশ কৰিব পাৰি। যিহেতু এই ঘাইপথক থাইলেণ্ড, লাওচ, ভিয়েটনাম, কম্বোডিয়া, মালেচিয়া আৰু ইণ্ডোনেচিয়াৰ সৈতে একেটা হাইৱে নেটৱৰ্কৰ লগত সংযোগ কৰাৰ পৰিকল্পনা আছে গতিকে এই পথটোৰ গুৰুত্বপূৰ্ণতা যথেষ্ট বেছি । ই নিশ্চয়কৈ দেশখনৰ বৰ্তমান চলি থকা আৰ্থিক ব্যৱস্থাৰ উন্নতি ঘটাব । ওপৰত উল্লেখ কৰাৰ ভিতৰত,৭১ কিঃমিঃ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (৯১/০ কিঃমিঃৰ পৰা ১৬২/ও কিঃমিঃ) দুটা লেনযুক্ত পকী পথ এচ.এ.আৰ.ডি.পি-এন.ই(ফেজ-১)ৰ তত্বাৱধানত উন্নত কৰা হৈছে। এই পথটোক ইতিমধ্যে এছিয়ান হাইৱে নং ১ বুলি ঘোষণা কৰা হৈছে।

ভূটানলৈ সংযোগ:

১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথে অসমক ৰয়েল কিংডম অফ ভূটানৰ সৈতে পোনপটিয়াকৈ সংযোগ কৰে। ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ,(৩৮ কিঃমিঃ) দুটা লেনযুক্ত পকী ৰাস্তা এচ.এ.আৰ.ডি.পি-এন ই(ফেজ-১)ৰ তত্বাৱধানত উন্নত কৰা হৈছে। গতিকে ভূটান বা তাৰো আগলৈ যোৱাৰ ভাল বাট-পথ সংযোগৰ পৰ্য্যাপ্ত সম্ভাৱনা আছে। অলপতে ঘোষণা হোৱা ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথে, ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (চি) আৰু ১২৭(ডি)নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোগেদি ভূটান আৰু ইষ্ট-ৱেষ্ট কৰিডৰ সংযোগ হʼব।/p>

৫১, ৪০ আৰু ১৫১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাধ্যমেৰে, বাংলাদেশলৈ সংযোগ :

বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাৰ লগত সংযোগ স্কথাপন কৰিবলৈ উত্তৰ-পূৱ অঞ্চলৰ ৩টা পৃথক ৰাষ্ট্ৰীয় ঘাইপথ আছে । এই পথকেইটা হʼল-:

ক) গুৱাহাটী-যোৰাবাট-চিলং-ডাউকি-চিলেট-ঢাকা- এই পথটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথক ৪৬৭ কিঃমিঃলৈ প্ৰসাৰিত কৰিছে।

খ) গুৱাহাটী-যোৰাবাট-চিলং-কৰিমগঞ্জ-চোটাৰ্ককান্তি-চিলেট-ঢাকা- এই পথটোক ৩৭,৪০,৪৪ আৰু ১৫১ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে ৬৫৭ কিঃমিঃ বিস্তাৰিত কৰিছে।

গ) গুৱাহাটী-পাইকান-ডালো-ঢাকা- এই পথটোক ৩৭,৫১ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে ২৬১ কিঃমিঃ কেৱল ভাৰতৰ ভিতৰত বিস্তাৰিত কৰিছে, যাৰ ভিতৰত ৫১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ২১ কিঃমিঃ (অসমৰ অংশ) লোক নিৰ্মাণ বিভাগ আৰু এচ.এ.আৰ.ডি.পি (এন ই)ৰ তত্বাৱধানত ২টা লেনযুক্ত পকী পথলৈ উন্নত কৰা হৈছে।

ওপৰত উল্লেখ কৰা পথকেইটাৰ উন্নতিয়ে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় আৰু বানিজ্যৰ বাবে যথেষ্ট লাভ হʼব আৰু নতুন সুবিধাৰ সৄষ্টি কৰিব। 

অৰুনাচল প্ৰদেশৰ মাজেৰে চীনৰ লগত সংযোগা:

ক) ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে থকা ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথে বাইহাটাৰ পৰা ধেমাজী হৈ অৰুনাচল প্ৰৱেশ কৰা এটা মুখ্য পথ। এই পথটো আৰু অধিক উন্নত কৰিব পৰা যায় তথা ইয়াক অৰুনাচলৰ তাৱাংৰ মাজেদি তিব্বত আৰু চীনলৈ বিস্তাৰিত কৰিব পাৰি।

খ) ৪ টা লেনযুক্ত ইটানগৰক সংগোগ কৰা ইষ্ট ৱেষ্ট কৰিডৰৰ পৰা নগাওঁ পথটো ইতিমধ্যে কাৰ্য্যকৰী হৈছে। ডিপিআৰ আৰু সুসাধ্যতা ৰিপʼৰ্ট ইতিমধ্যে পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ক জমা দিয়া হৈছে । এই পথটো ব্যৱহাৰেৰে পোন-পটীয়াকৈ চীনৰ লগত সংযোগ কৰা স্থলপথৰ উদঘাটন কৰিব পাৰি। এই ক্ষেত্ৰত থকা সম্ভাৱনাৰ ওচৰ চাপিব পাৰি।

তলত উল্লেখ কৰা দিশ কেইটাত তৎকালীন মনোযোগ দিয়া প্ৰয়োজন যাতে লুক ইষ্ট পলিচীৰ লগত জড়িত বিকাশ উদ্যোগৰ এটা ভাল প্ৰভাৱ সমাজৰ সকলো অংশৰ ওপৰত পৰে।

১) পূব-পশ্চিম কৰিড'ৰ সম্পূৰ্ণ হোৱাৰ পথত। এইটো আন এটা পথ এন এইচ ৩১ যি বক্সিৰহাট(অসম বেংগল সীমা)ৰ লগত উত্তৰ-পূবক সংযোগ কৰে। এই দুটা ৰাষ্ট্ৰীয় ঘাইপথে পৰ্য্যাপ্তৰূপে আৰু দক্ষতাৰে সম্ভাৱনা থকা সকলো নদীপথ ব্ৰহ্মপুত্ৰ্ৰৰ যোগেদি সংযোগ কৰিব পাৰে।

২) বাটত আৰু ঘাইপথত সুচলভাৱে যান-বাহন চলাচল কৰিবলৈ আৰু বিশেষকৈ আন্তঃৰাজ্যিক সীমা আৰু আন্তঃৰাষ্ট্ৰীয় সীমাত কোনো অসুবিধা নহবলৈ যানবাহনৰ চলাচলৰ যুক্তিপূৰ্ণ, সৰল আৰু সংশোধিত নিয়ম আৰু কাৰ্য্যপ্ৰণালী থাকিব লাগে।

৩) তৎকালীনভাৱে উত্তৰপূৰ্ঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীক সংযোগ কৰিব পৰাকৈ ৪ টা লেনযুক্ত পথৰ ব্যৱস্থা কৰিব লাগে।

৪) উত্তৰপাৰে মোৰকাচেলেংলৈ গজৰ ৰূপান্তৰন ইতিমধ্যে সম্পূৰ্ণ হৈছে। উজনি উজনি অসমৰ তিনিচুকীয়ালৈ বি জি সংযোগ ইতিমধ্যে আছে। লামডিং বদৰপুৰ অংশৰ গড ৰূপান্তৰণৰ কাম চলি আছে। এই ৰে'লৱে লাইন কেইটা দুটা লাইন সুবিধালৈ উন্নতি কৰিব পৰা যায় যাতে মাল-বস্তু আৰু সেৱাৰ বৰ্তমানৰ প্ৰয়োজনীয়তা সুকলমে চলাই নিব পাৰি।

৫) ব্ৰহ্মপুত্ৰৰ মাজেৰে নদী বাটৰ উন্নতি কৰিব পৰা যায় যাৰ বাবে গুৱাহাটী, শিলঘাট, যোৰহাট, ডিব্ৰুগড় আদি উপযোগী ঠাইত বন্দৰৰ ব্যৱস্থা কৰিব লাগিব।

উত্তৰ-পূৱ অঞ্চলৰ বাণিজ্যিক বিকাশ:

ভাৰত চৰকাৰৰ লুক ইষ্ট পলিচীৰ মূল লক্ষ্য হʼল উত্তৰ-পূৱ অঞ্চলৰ বাণিজ্যিক বিকাশ যিহেতু দক্ষিন পূৱ এছিয়াৰ দেশসমূহ উত্তৰপূৱ অঞ্চলৰ লগত লগা-লগিকৈ আছে। এই ক্ষেত্ৰত কিছুমান আভ্যন্তৰীণ বাট-পথৰ উন্নতি কৰিব লাগিব যিবোৰ হয়তো ইতিমধ্যে অনুন্নত পৰ্য্যায়ত আছে বা ইটো-সিটোৰ লগত জড়িত হৈ থকা নাই (মিচিং লিং)

  • ৰাজ্যখনত এনেকুৱা ৫টা জড়িত হৈ নথকা বাট(মিচিং লিং) আছে যি ৰাজ্যখনৰ অৰ্থনৈতিক দিশ আগুৱাই যোৱাত বাস্তৱ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে, কব গʼলে সমগ্ৰ উত্তৰ-পূৱ অঞ্চলে ইয়াৰ বাবে অৰ্থনৈতিক দিশত বাধাগ্ৰস্ত হৈছে। ইয়াৰ কেইটামান জড়িত হৈ নথকা বাট ৰাষ্ট্ৰীয় ঘাইপথো আছে:
  • শ্ৰী ৰামপূৰ-ধুবুৰী-ফুলবাৰী-টোৰা নতুনকৈ ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষিত হৈছে।
  • ঢলা-শদিয়া দলং লগত জড়িত এন এইচ ৰʼইং লৈ সম্প্ৰসাৰণ কৰা হৈছে- ইয়াৰ কাম কাজ অলপতে সম্পূৰ্ণ হৈছে।
  • ট্ৰান্স অৰুণাচল হাইৱে- কাম চলি আছে।
  • ভূটানলৈ যোৱা ২ নং ৰাষ্ট্ৰীয় ঘাইপথ, ১২৭ চি ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১২৭ ডি ৰাষ্ট্ৰীয় ঘাইপথ
  • ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি গহপুৰ-নুমলীগড়

তলত উল্লেখ কৰা মিচিং লিংক কেইটা তাৎক্ষনিক মনোযোগৰ প্ৰয়োজন

(১) বৰাক উপত্যকা(শিলচৰ)ৰ পৰা গুৱাহাটী সংযোগৰ বিকল্প বাট হাৰাংগাজাও, টুৰুক, নেনী হৈ।

(২) শিৱসাগৰ ওচৰৰ দিচাংমূখৰ পৰা টেকেলী পতা-ঢকুৱাখানা-উত্তৰ লখিমপুৰ-মাজুলী

(৩) ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হোৱা ধুদৰ আলিৰ উপযুক্তভাৱে উন্নতি কৰা

এই মুখ্য মিচিং লিংক সমূহ অনতি পলমে এটা পৰিকল্পিত ধৰণে অহা দহ বছৰৰ ভিতৰত সংযোগ কৰাৰ প্ৰয়োজন, যাতে ৰাজ্যখনৰ ওতপ্ৰোতভাৱে জড়িত ঘাইপথৰ এখন জাল বা নেটৱৰ্ক থাকে। এই মিচিং লিংক সমূহ কাৰ্য্যকৰীভাৱে সম্পূৰ্ণ হʼলেহে উত্তৰ-পূৱ অঞ্চলত বানিজ্যিক উন্নতি হʼব।

সামৰণি:

অসমত পূব-পশ্চিম কʼৰিডৰ নিৰ্মাণৰ কাম ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই ২০১৭ চনত সম্পূৰ্ণ কৰিব। গতিকে শ্ৰী ৰামপূৰৰ (অসম-বেংগল সীমা) পৰা শিলচৰলৈ মূঠ ৬৭০ কিঃমিঃ ৪ লেন বাট অবিৰতভাবে যানযট অবিহনে সঠিকভাৱে ব্যৱহাৰ কৰিলে মʼৰেহৰ মাজেদি ম্যানমাৰ সংযোগ কৰিব পৰা যাব। এই মাজৰ ৬০ কিঃমিঃ ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ ২ লেনযুক্ত পকী পথ এচ.এ.আৰ.পি-এন ই ফেজ এ আৰু লোক নিৰ্মাণ বিভাগৰ অধীনত আৰু কিছু অংশ বি.আৰ.ও অধীনত কাম চলি আছে। উত্তৰ-পূৱ অঞ্চলৰ লোকসকলৰ অৰ্থনৈতিক প্ৰগতি, জীৱন মানদণ্ড বা স্তৰ, প্ৰতিজন বক্তিৰ আয় ইত্যাদি বঢ়িবলৈ ম্যানমাৰ আৰু অসম সংযোগী পথ তলত দাঙি ধৰা হʼল:

যাত্ৰাপথ ১

ক্রমিক সংখ্যা ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা যাত্ৰা পথৰ পৰা গন্তব্যস্থান লৈ দৈর্ঘ্য
1 ৩১(C), ৩১, ৩৭, ৩৬, ৫৪ শ্রী ৰামপুৰ শিলচৰ ৬৭০ কি.মি
৫৩ শিলচৰ জিৰিবাম ৬০ কি.মি
৩৯ জিৰিবাম মোৰেহ ৩১৯ কি.মি

যাত্রাপথ ২

ক্রমিক সংখ্যা ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা যাত্ৰাপথৰ পৰা গন্তব্যস্থান লৈ দৈর্ঘ্য
৩১(C), ৩১, ৩৭ শ্রী ৰামপুৰ নগাওঁ ৩৮২ কি.মি
৩৬ নগাওঁ ডবকা ৩৮ কি.মি
৩৬ ডবকা ডিমাপুৰ ১২৩ কি.মি
৩৯ ডিমাপুৰ মোৰেহ ৩১৭ কি.মি

যাত্রাপথ ৩

ক্রমিক সংখ্যা ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা যাত্ৰাপথৰ পৰা গন্তব্যস্থান লৈ দৈর্ঘ্য
৩১C), ৩১, ৩৭ শ্রী ৰামপুৰ নগাওঁ ৩৮২ কি.মি
৩৭ নগাওঁ নুমলীগড় ১৩০ কি.মি
৩৯ নুমলীগড় ডিমাপুৰ ১০৭ কি.মি
৩৯ ডিমাপুৰ মোৰেহ ৩১৭ কি.মি