অসম চৰকাৰে উত্তৰপূৱ ভাৰতত উদ্যোগীকৰনৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ অসমত নতুন উদ্যোগ স্থাপনৰ(ষ্টাৰ্ট আপ) এটা পৰিবেশ ব্যৱস্থা আগবঢ়োৱাৰ লক্ষ্য কৰিছে। অসমৰ এই ষ্টাৰ্ট আপ পলিচী(নীতি)ৰ মূখ্য লক্ষ্য হʼল সংস্থাপনৰ ব্যৱস্থা, নতুন উদ্যোগী বা ষ্টাৰ্ট আপ সকলক প্ৰাৰম্ভিক অৱস্থাত সহায় আৰু ৰাজ্যখনত ষ্টাৰ্ট আপ সকলক প্ৰসাহন দিয়া।

অসম ষ্টাৰ্ট আপ পলিচড্ৰাফ্ট ২০১৭ৰ মূখ্য গুৰুত্বৰ ভিতৰত চাৰিটা খুটি আছে:

ডিজিটেল ষ্টাৰ্ট আপ পৰিবেশ ব্যৱস্থাঃ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে ষ্টাৰ্ট আপ পʼৰটেলৰ আৰু এপচৰ উন্নতিকৰন যি আন্তঃগাঠনিৰ উপলব্ধতাৰ তথ্য আৰু আন্তঃগাঠনি আৰক্ষণৰ সুবিধা আগবঢ়োৱা। পৰটেলটোত অনলাইন শিক্ষা আৰু উন্নতি প্ৰগ্ৰেম উপলব্ধ হব। এটা কাৰ্য্যবাহী সমৰ্পিত হেল্প লাইন দিয়া হব।

আন্তঃগাঠনিৰ উন্নতিকৰনঃ এটা স্মাৰ্ট আপঃ এটা ষ্টাৰ্ট আপ ইনকিউবেটৰ প্ৰথম পৰ্য্যায়ত গুৱাহাটীত সৃষ্টি কৰা আৰু ইএচডিএম (ইলেক্ট্ৰিকেল চিচটেম আৰু ডিজাইন মেনুফেকচাৰিং) ইনভেচন চেষ্টাৰ প্ৰতিষ্ঠিত হোৱাৰ পিছত ইয়াক ডিব্ৰুগড় আৰু্ছিলচৰলৈ নিয়া হব।

ফাণ্ডিং (পুজিৰ ব্যৱস্থা) আৰু আন উদগনিঃ পঞ্জিয়ন কৰা ষ্টাৰ্ট আপ বিলাকে আৰ্থিক উদগনি আৰু ভাড়া বা সহায় পাব আৰু ইয়াৰ লগত ৰেহাইমূল্যত পৰিশধ কৰিবলগীয়া সুদৰ স্কীম আগবঢ়োৱা হব। জনসম্পদ আৰু কৌশল বিকাশঃ নতুনত্বক প্ৰতসাহন দিবলৈ চৰকাৰে স্কুল আৰু মহাবিদ্যালয় পৰ্য্যায়ত এটা অনুকুল পৰিবেশ সৃষ্টি কৰা পৰিকল্পনা কৰিছে। প্ৰতিখন মহাবিদ্যালয়ত বাধ্যতামূলক ইডিচি(এনটাপ্ৰিনিউআৰচিপ ডেভেলপমেন্ট চেল) প্ৰতিষ্ঠাপন কৰিব লাগিব।

এই পলিচী বা নীতি সম্পৰ্কে অধিক তথ্যৰ বাবে,  অসম ষ্টাৰ্ট আপ নীতি,২০১৭ ত ক্লিক কৰক।

অসম ষ্টাৰ্ট আপ নীতি (সংশোধনী) ডাউনল'ড কৰিবলৈ