সাৰথি- ষ্টার্ট আপ অসম

ৰাজ্যখনৰ উদ্যোগীসকলে, বিশেষকৈ নৱ প্ৰজন্মৰ উদ্যোগীসকলে লোন বা ইকোইটি আকাৰত, উপযুক্ত সম্পদৰ অভাৱত, তেওঁলোকৰ চিন্তাধাৰাক বাস্তৱত পৰিণত কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈ আছে। যিহেতুকে বেংক বা বিত্তীয় সংস্থাসমূহে তেওঁলোকৰ নিজৰ বাবে সংশয়ৰ কাৰণ বুলি গণ্য কৰি লোন প্ৰদান কৰিবলৈ অনিচ্ছুক, সেয়েহে যিকোনো নতুন কাৰ্যৰ বাবে বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ কেন্দ্ৰীক সহায়তা লাভ কৰাটো ৰাজ্য চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ সমস্যা।