অটল অমৃত অভিযান স্বাস্থ্য বীমা

অটল অমৃত অভিযান স্বাস্থ্য বীমা হৈছে অসম ৰাজ্য চৰকাৰৰ দ্বাৰা ঘোষিত এক নতুন স্বাস্থ্য বীমা আঁচনি। এই আঁচনিৰ অধীনত চৰকাৰে প্রতি বছৰে ৰাজ্যৰ প্রত্যেক পৰিয়ালক ২ লাখ টকা পর্যন্ত্য বীমাৰ সুবিধা প্রদান কৰে। দৰাচলতে অটল অমৃত অভিযান নামৰ এই আঁচনিখন ২০১৬ চনৰ ২৫ ডিচেম্বৰ তারিখে উদ্ভাবন করা হৈছিল যদিও বর্ত্তমানেও আঁচনিখন চালুকীয়া হৈ আছে। পুৰণি, হঠাৎ বা প্রবল স্বাস্থ্যজনিত সমস্যাৰে জর্জৰিত দৰিদ্র সীমাৰেখাৰ তলৰ আৰু দৰিদ্র সীমাৰেখাৰ ওপৰৰ পৰিয়ালৰ সহায়ৰ সুবিধার্থে উক্ত আঁচনিখন আৰম্ভ কৰা হৈছিল।