স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ আঁচনি

পন্য উৎপাদন, ব্যবসায়, বাণিজ্য শাখাৰ দ্বাৰা উপাৰ্জনৰ পথ প্রশস্ত কৰিব পৰা যিকোনো কাৰ্য্যকলাপৰ ক্ষেত্ৰত অসমৰ যুৱকসকলক বিত্তীয় অনুদান আগবঢ়াবলৈ অসম চৰকাৰে হাতত লোবা স্বামী বিবাকোনন্দ যুব সৱলীকৰণ আঁচনি হৈছে এখন ধ্বজাবাহী অনুষ্ঠান। এই আঁচনিখন ৭ ফেব্রুবাৰী ২০১৭ তাৰিখে উন্মোচন কৰা হৈছিল। এই গুৰুত্বপূর্ণ আঁচনিখনৰ অধীনত উদ্যমিতাক উৎসাহিত কৰিবলৈ ২ লাখ যুবকক ৫০.০০০ টকাকৈ প্রদান কৰিছে। সকলো ইচ্ছুক প্রার্থীয়ে এই আঁচনিখনৰ বাবে আবেদন জনাবলৈ অনলাইন আবেদন বা পঞ্জীয়ন পত্র পূৰাব পাৰে।

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অসম ট্ৰেক্টৰ আঁচনি

মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অধীনত খেতিয়কৰ বাবে অসম ৰাজ্য চৰকাৰে ট্রেক্টৰ বিতৰণ আঁচনি আৰম্ভ কৰিছে। কৃষিক্ষেত্র পুনৰুজ্জীৱিত কৰা আৰু ২০২২ চনলৈকে খেতিয়কৰ আয় দুগুন বৃদ্ধি কৰাই হৈছে এই আঁচনিখনৰ মূল উদ্দেশ্য।

নতুন সংশোধিত ট্রেক্টৰ বিতৰণ আঁচনিৰ অধীনত চৰকাৰে প্রতিখন ৰাজস্ব গাঁওত ৰাজসাহায্য দৰত কিছুসংখ্যক প্রয়োজনীয় সামগ্রীৰ সৈতে একোখলকৈ ট্রেক্টৰ যোগান ধৰিব। প্রথম পর্যায়ত চৰকাৰে প্রায় ১০,১০৯ খন ট্রেক্টৰ প্রদান কৰিব। এই আঁচনি খনে সমগ্র ৰাজ্যর ২৬০০০ গাঁও পর্যায় অনুসৰি সামৰি ল’ব।

আপোনাৰ আপোন ঘৰ আৱাস ঋণ ৰাজসাহায্য আঁচনি

২০২০ চনৰ আপোনাৰ আপোন ঘৰ আৱাস ঋণ ৰাজসাহায্য আঁচনিৰ বাবে ৰাজ্য চৰকাৰে অনলাইন আবেদন বিচাৰি আছে। এই আঁচনিখনৰ অধীনত চৰকাৰে ৪০ লাখ টকাৰ আৱাস ঋণত ২.৫ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব। যিসকল লোকে প্ৰথম ঘৰ ক্ৰয় কৰিব আৰু পূৰ্বৱৰ্ত্তী আপোন ঘৰ আঁচনিৰ অধীনত আৱাস ঋণ লাভ কৰা নাছিল তেওঁলোকৰ বাবে এই আঁচনি উপলব্ধ হ'ব। ৰাজসাহায্যৰ পৰিমাণ আৰু সম্পূৰ্ণ বিষয় সন্দৰ্ভত নিৰীক্ষণ কৰি পঞ্জীয়ন বা আবেদন পত্ৰ পূৰণৰ দ্বাৰা জনসাধাৰণে আঁচনিখনৰ বাবে আবেদন জনাব পাৰে।

অভিনন্দন শৈক্ষিক ঋণ ৰাজসাহায্য আঁচনি

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য তথা ৰাজ্যিক বিত্ত বিভাগ আৰু বেংকৰ বহুতো জেষ্ঠ বিষয়ববীয়াৰ উপস্হিতিত ২৬ ডিচেম্বৰ ২০১৯ তাৰিখে শ্রীমন্ত শংকৰদেৱ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সণোৱালে অসম অভিনন্দন শৈক্ষিক ঋণ ৰাজসাহায্য আঁচনি উন্মোচন কৰে।

অসম অৰুণোদয় আঁচনি

“এয়া আৰ্থ-সামাজিক সবলীকৰণৰ দিশত এক অভিলাষী আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। এই আঁচনিখনে ৰাজ্যত বাস কৰা প্ৰায় ১৯.১০ লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ আঁচনিৰ মাধ্যমেৰে প্ৰতি মাহে ১০০০ টকাৰ বিত্তীয় অনুদান প্ৰদান কৰিব।”

অৰুণোদয় আঁচনি হৈছে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন নতুন আঁচনি। এই আঁচনিখনে ৰ