অসম বিধানসভাৰ সংক্ষিপ্ত ইতিহাস

Description

১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে বহা প্ৰথম অধিৱেশনৰ দিনাই অসম বিধানসভাৰ শ্বিলঙৰ বিধানসভা কক্ষত স্থাপন হয় | শ্বিলং হৈছে সংযুক্ত অসমৰ পূর্বকালীন ৰাজধানী |

ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত অসমৰ এক সোণালী ইতিহাস আছে| ভাৰতৰ জাতিগত সংগ্ৰহালয়ৰূপে জনাজাত, অসমক ইয়াৰ প্ৰাচুৰ্যময় সাংস্কৃতিক ঐতিহ্য আৰু বিচিত্র জাতি, ধৰ্ম আৰু বৰ্ণৰে সমৃদ্ধিশালী হোৱাৰ বাবে ক্ষুদ্ৰ ভাৰত বুলিও কোৱা হয় | ভাৰতীয় সংসদীয় আইন, ১৮৬১ৰ অধীনত অসমৰ নিজস্ব গণতান্ত্রিকতা নাছিল কিন্তু ১৯০৫ চনত পূব বেংগলৰ সৈতে চিহ্নিত কৰা হৈছিল আৰু সেই সময়ত অসমক 'পূব বেংগল আৰু অসমৰ বিধানসভা পৰিষদ' বুলি কোৱা হৈছিল, যি ১৮ ডিচেম্বৰ, ১৯০৬ৰ পৰা কাৰ্যকৰী হয় | ১৯০৯ চনত এই পৰিষদত ৪০টা আসনত ৪০ গৰাকী সদস্য আছিল আৰু অসমক ৫টা আসন দিয়া হৈছিল | ১৯১২ চনত মূখ্য অধ্যক্ষৰ প্রদেশৰূপে অসমৰ পূনৰ্গঠন কৰা হৈছিল | ভাৰত চৰকাৰৰ আইন, ১৯০৯ৰ অধীনত ১৯১৩ চনত অসমক বিধান-পৰিষদৰূপে অনুমোদিত কৰা হয়; অসম বিধান-পৰিষদ ৩৪ গৰাকী সদস্যৰে সৈতে গঠন হয় য'ৰ ১৩ গৰাকী সদস্য মূখ্য অধ্যক্ষৰ দ্বাৰা আৰু ২১ গৰাকী সদস্য সাধাৰণ জনতাৰ দ্বাৰা নিৰ্বাচিত কৰা হয় | অসম বিধানসভা পৰিষদৰ প্ৰথম অধিবেশন ৬ জানুৱাৰী, ১৯১৩ চনত শ্বিলঙত অনুষ্ঠিত হয় য'ত চাৰ আৰ্চডেল  ইজল, অসমৰ মূখ্য অধ্যক্ষই সভাপতিত্ব কৰিছিল | ভাৰত চৰকাৰৰ আইন, ১৯১৯ৰ অধীনত, অসম বিধানসভা পৰিষদৰ সদস্যৰ সংখ্যা ৫৩ গৰাকীলৈ ১ এপ্ৰিল, ১৯২১ চনত বৃদ্ধি কৰা হয় য'ৰ ৪১ গৰাকী নিৰ্বাচিত সদস্য আৰু বাকী থকা ১২ গৰাকী মনোনীত সদস্য |  

ভাৰত চৰকাৰৰ আইন, ১৯৩৫ বৃটিছ সংসদৰ দ্বাৰা ২ আগষ্ট, ১৯৩৫ চনত অবলম্বন কৰা হয় আৰু ১৯৩৫ চনত  বাস্তবায়িত কৰা হয় | ভাৰত চৰকাৰৰ আইন, ১৯৩৫ত প্রত্যেকখন প্রদেশত বিধান-পৰিষদৰ ব্যবস্থা কৰা হৈছিল আৰু তাৰ ফলস্বৰূপে অসমৰ বিধানমণ্ডল দ্বিকাক্ষিক হৈ পৰে | অসম বিধানসভা পৰিষদৰ সদস্যৰ সংখ্যা আছিল ১০৮ আৰু এওঁলোক সকলো নিৰ্বাচিত সদস্য | বিধান-পৰিষদ (আপাৰ হাউচৰ) সদস্যৰ সংখ্যা ২১ জনত কৈ কম আৰু ২২ জনতকৈ বেছি নাছিল |

ভাৰতৰ বিভাজনৰ পিছত, অসমৰ ছিলেট জিলা গণভোটৰ দ্বাৰা পূব পাকিস্তানলৈ স্থানান্তৰিত কৰা হয় আৰু বিধানসভাৰ সদস্যৰ সংখ্যা ৭১ জনলৈ হ্রাস হয় | আনকি স্বাধীনতাৰ পিছত সদস্যৰ সংখ্যা পুনৰ ১০৮ জনলৈ বৃদ্ধি হয় | ১৯৪৭ চনত অসম বিধান পৰিষদৰ বাতিলকৰণৰ লগে লগে দ্বিকাক্ষিক অসম বিধানসভা এককক্ষবিশিষ্ট হৈ পৰে | পৰবৰ্ত্তী সময়ত অসমৰ বিভিন্ন সৰু সৰু ৰাজ্যৰ ৰূপত বিভাজন হয় | ১৯৬৩ চনত নাগালেণ্ডৰ এখনি ৰাজ্যৰ ৰূপত সৃষ্টি হয় | সংসদৰ দ্বাৰা উত্তৰ-পূব (পুনৰ গঠিত অঞ্চল) আইন, ১৯৭১ সংগ্ৰিহীত কৰাৰ ফলত মেঘালয় এখনি সম্পূৰ্ণ ৰাজ্য হৈ পৰে | পৰবৰ্ত্তীকালত মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ জন্ম হয় | মেঘালয়ৰ গঠনৰ পিছতো শ্বিলং যুটীয়াভাৱে অসম আৰু মেঘালয়ৰ ৰাজধানী হৈ থাকে | কিন্তু ১৯৭২ চনত অসমৰ ৰাজ্যপালৰ সিদ্ধান্তমৰ্মে অসমৰ ৰাজধানী দিচপুৰ, গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয় | সেইমৰ্মে অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম বৈঠক দিচপুৰৰ অস্থায়ী ৰাজধানীত ১৬ মাৰ্চ, ১৯৭৩ চনত অনুষ্ঠিত হয় |

পৰিবৰ্ত্তণশীল ভৌগোলিক সীমাৰ আৰু অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ লগতে, অসম বিধানসভাৰ সদস্যৰ সংখ্যাও বিগত পঞ্চাছ বছৰত বঢ়া-টুটা হৈ আছে | ১৯৫২-৫৭ চনত এই সংখ্যা আছিল ১০৮, ১৯৫৭-৬২ত ১০৫ (দ্বিতীয় সদন) আৰু ১৯৬৭-৭২ চনত ১১৪ (তৃতীয় সদন), ১৯৭২-৭৮ চনত ১২৬ আৰু এনেদৰে একাদশ সদনলৈকে এই সংখ্যা বাহাল হৈ আহিছে |

যদিও ১৭২ অনুচ্ছেদত ৰাজ্যিক বিধানসভাৰ পৰিসৰ ৫ বছৰ উল্লেখ আছে, কিন্তু ১৯৭৫ চনৰ ৰাষ্ট্রীয় জৰুৰীকালীন সময়ত, অসমৰ পঞ্চম বিধানসভা ৬ বছৰলৈকে বৰ্তি থাকে |

স্বৰ্গীয় বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ |

Validity From
Validity To
Content Left Icon
aboutus